এটি ভুল ধাৰণাঃ মৃতকৰ ঘৰত জুই জ্বলোৱা নিষেধ নে?
কোনো কোনো অঞ্চলৰ অধিবাসীসকলৰ মুখত শুনা যায়, কাৰোবাৰ মৃত্যু হ'লে সেই ঘৰত তিনিদিন পর্যন্ত জুই জ্বলোৱা নিষেধ। এয়া নেকি অশুভ!
মনত ৰাখিব লাগিব, ইছলামত কোনো বস্তুৰ পৰা কুলক্ষণ গ্রহণৰ কোনো সুযোগেই নাই। আৰু স্বাভাৱিক গৃহ-কর্মৰ বাবে জুই জ্বলালে তাত কুলক্ষণৰ কোনো প্রশ্নই নাহে। এই কাৰণে এই ধাৰণা ঠিক নহয় যে, কাৰোবাৰ মৃত্যু হ'লে মৃত্যুৰ দিনা আৰু পৰৱর্তী দুই দিন জুই জ্বলাব পৰা নাযাব। প্রয়োজনত যিকোনো সময়তেই জুই জ্বলাব পৰা যাব। তাৰ উপৰি মৃতকক গোছল দিয়াৰ বাবে সকলো অঞ্চলতেই পানী গৰম কৰাৰ নিয়ম আছে। তেতিয়া এই কুলক্ষণৰ বিষয়টো ক'ত যাব?
এই কথা ঠিক যে, মৃতকৰ পৰিয়াল স্বজন হেৰুৱাৰ বেদনাত শোকাহত থকাৰ কাৰণে ৰন্ধা-বঢ়াৰ পিনে মনোযোগ দিব নোৱাৰে। যাৰ বাবে প্ৰতিবেশী ও দূৰ সম্পর্কৰ আত্মীয়-স্বজনক পৰিয়ালটোৰ বাবে এদিন-এৰাতিৰ খোৱা-বোৱাৰ আয়োজন কৰিবলৈ কোৱা হৈছে। -ৰাদ্দুল মুহতাৰ ২/২৪০, ৬৬৬৫
মদীনাত জা'ফৰ ইবনে আবু তালিব ৰাজিয়াল্লাহু আনহুৰ শ্বাহাদতৰ সংবাদ প্ৰাপ্তিৰ পিছত ৰাছুলুল্লাহ ﷺ য়ে ইৰশ্বাদ কৰিলে, তোমালোকে জা'ফৰৰ পৰিয়ালৰ বাবে খাদ্য তৈয়াৰ কৰা। কিয়নো এই মুহূৰ্তত তেওঁলোকে এইফালে মনোযোগ দিব নোৱাৰিব। -মুছনাদে আহমদ ২/২০৫, ৬/৩৭০; জামে তিৰমিযী হা. ১০০৩
মুঠকথা, মৃতকৰ পৰিয়ালৰ বাবে খাদ্য পঠোৱা সম্পূর্ণ ভিন্ন এটি বিষয়। ইয়াৰ পৰা এই ধাৰণা কৰা যে, মৃতকৰ ঘৰত জুই জ্বলোৱা নাযাব, সম্পূর্ণ ভুল।
কিতাপঃ প্রচলিত ভুল
লিখকঃ মৌলানা আব্দুল মালিক চাহাব দামাত বাৰাকাতুহুম
ভাষান্তৰঃ মুহাম্মদ দেলুৱাৰ খান বিন আব্বাছ খান
খৰুৱাপাৰা, বৰপেটা
0 Comments
Post a Comment